পৃষ্ঠা:কুলাচল বধ.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
কুলাচল-বধ

কিন্তু তাক বধিবাৰ পৰম উপায়।
অগস্তিৰ বুদ্ধিয়েসে সিটো বধ যায়॥
শুনা পুৰন্দৰ তুমি কৰিয়ো যতন।
যেন মতে পাণ্ডৱৰ ৰহয় জীবন॥
সেহি অনুবন্ধ কৰি ৰাখিয়োক যাই।
হৰি ভকতৰ মৃত্যু একোকালে নাই॥
এতেকে বুলিয়া মৌনে ৰৈলা সৃষ্টিকৰ।
পুনৰ্ব্বাৰ অগস্তিয়ে বুলিলা উত্তৰ॥
হে প্ৰভো কুলাচল বাঢ়ি আছে বলে।
ধূপবঠি হানি আৰু বধিয়ো সকালে॥
কৰ্ণদত্ত ৰাজাক মুকুত কৰিয়োক।
তযু পৰশনে সিটো পাথৰ গুছোক॥
তান যত অনুচৰ হয় হস্তীগণে।
হুয়াছে পাথৰ সবে মোহোৰ বচনে॥
তযু পৰশনে তেবে সবে মুক্ত হোক।
তযু কৃপা অনুবন্ধ সততে ৰহোক॥
পক্ষিগণে বদতি শুনিয়ো মুনিবৰ।
পুহাইল ৰজনী আসি উদিত ভাস্কৰ॥
হৰিত মেলানি মগি দেব মুনিগণ।
আপোন থানক সবে কৰিলা গমন॥