পৃষ্ঠা:কুলাচল বধ.djvu/৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
কুলাচল-বধ৷

অন্যে অন্যে মাতি বোলে মিলিল অপায়।
বংশে সমন্বিতে সবাহাৰে তল যায়॥
জ্বলন্তা অগ্নিৰ মাঝে ফৰিঙ্গাৰ জাস।
আবেসে জানিলোঁ জীৱনত নাহি আশ॥
পুনৰপি মন্ত্ৰিগণে বোলয় বচন৷
শুনিয়ো ধূম্ৰাক্ষ মহাৰাজাৰ নন্দন॥
ঋষি সকলক দ্বেষ নকৰিয়ো বাপ।
সকলে জগতে আমি পাইবোঁ বৰতাপ॥
তাসম্বাৰ দ্ৰোহে আয়ুঃ শ্ৰী নষ্টহয়।
অন্তকালে হোৱে যায় নৰক আলয়॥
মুনি সকলৰ নোহে ৰাজা অধিকাৰ।
তাৰাসবে কিছু দ্ৰোহ নাচৰে কাহাৰ॥
হৰিক আৰাধি থাকে বনৰ মাঝত।
সকল প্ৰকাৰে আমাসাৰ নুহি সত্ব॥
এতেকেসে তাসম্বাক হিংসা যোগ্য নয়।
তাসম্বাৰ দ্ৰোহে আপুনিসে নষ্ট হয়॥
বিশেষত পৰাক্ৰমী নোহে ধনুধৰ।
মহন্ত সবৰ জানা সহায় ঈশ্বৰ॥
ঈশ্বৰ সহায় যাৰ তাৰ কাক ভয়।
ভকতৰ প্ৰতীকাৰ ঈশ্বৰে কৰয়॥