পৃষ্ঠা:কুলাচল বধ.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৩
কুলাচল-বধ।

ভকত বৎসল হেন ধৰি আছা নাম।
ভকত সবৰ প্ৰভু পুৰা মনঃ কাম॥
এতেকেসে পাণ্ডবৰ হিতৰ কাৰণ।
ভৈলাহা বেকত অন্তৰ্য্যামী নাৰায়ণ॥
ইটো কুলাচলক বধিবে কৰি মন।
ভকতৰ শত্ৰু হেন দেখাৱা কাৰণ॥
অল্প বলী ঋষি বাক্যে বাঢ়িয়া আছয়।
তুমি নমাৰিলে আক কেৱে নপাৰয়॥
এহি বুলি প্ৰজাপতি তথা বহি আছে।
শুনা মুনিবৰ যেন কথা ভৈলা পাছে॥
এহি কথা মহা ঋষি অগস্তি জানিল।
পৰম যোগেন্দ্ৰ যাই তথাত মিলিল॥
অযুতেক শিষ্য সমে মনোময় গতি।
হৰি সম্ভাষণ মনে মিলিলা তহিতি॥
শিৰে শুক্লময় জটা দেখি মনোময়।
প্ৰত্যেকে অগনি যেন তাত বাজ হয়॥
চৰাচৰ ফোট ধৌত দশনৰ পান্তি।
উৰ্দ্ধক বহয় শুক্ল লোমে কৰে কান্তি॥
কটিত কপীন তুনি লোটে সুবহল।
হাতে জাপ্যমালা পিন্ধি ঢোপ সুমঙ্গল॥