সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
কুলাচল-বধ।

কটাক্ষতে যেন অগ্নি বজাৱে নেত্ৰৰ।
তপৰ প্ৰভাবে যেন দহে সুৰনৰ॥
জপন্ত মালাত ৰাম কৃষ্ণ হৰি নাম।
তান তেজে সবে ৰশ্মি কৰয় বিৰাম॥
অন্ধকাৰ ৰাত্ৰি তান তেজৰ প্ৰকাশ।
সকলে দেবতা যাই লাগিল আভাস॥
তান যোগ তেজে সবাহাৰে তেজ হীন।
একে হৰি বিনে ভৈল সকলে মলিন॥
দিব্য সভা হুয়া আছে বহল বিস্তাৰ।
শিষ্য সনে অগস্তি ভৈলেক পয়োসাৰ॥
আগবাঢ়ি অগস্তিয়ে কৰ যোৰ কৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি ধৰি॥
নমো পৰম্ ব্ৰহ্ম নিত্যানন্দ সনাতন।
যাৰ ক্ৰীড়া ভাণ্ড ইটো চৈধয় ভুবন॥
প্ৰকৃতিৰো কাৰণ পুরুষ পুৰাতন।
যাৰ আদি রূপ জলশায়ী নাৰায়ণ॥
ব্ৰহ্মা রূপ ধৰি স্ৰজা যত জীব ৰাশি।
বিষ্ণু রূপে পালা প্ৰভু সবাকে প্ৰকাশি॥
শিব রূপ ধৰি পুনু কৰাহা সংহাৰ।
হেন মহেশ্বৰ তযু পাৱে নমস্কাৰ॥