পৃষ্ঠা:কুলাচল বধ.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৭
কুলাচল-বধ।


মোৰ পদ বুলি আক নিন্দা নকৰিব।
শাস্ত্ৰক বিচাৰি সবে আপুনি দেখিবা॥
ভাৰত ভূষণে বোলে মই মহা দীন।
শৰণ পশিলোঁ নাথ দাস কৰি কিন॥
মই পতিতক যদি নকৰ উদ্ধাৰ।
পতিত পাৱন নাম কলঙ্কী তোমাৰ॥
সামাজিক লোকে তৰিবাৰ কৰা কাম।
দুঃখৰ মোচন হোক বোলা ৰাম ৰাম॥

ছবি।

নিন্তৰে কুলাচলে,  পুত্ৰৰ বচন শুনি,
 মনে মনে পৰামৰিশয়।
মাহোৰ তনয়ে যিতো,  কহিলে বৃত্তান্ত মানে,
 সবেখানি শাশ্বত হোৱয়॥
কিন্তু তান্ত সবে যাই,  শৰণ লৈবেক মাত্ৰ,
 ক্ষমিবন্ত জগতৰ তাত।
আমাৰ কুচ্ছিত ইটো, দেহা গোট ৰহিবেক,
 ৰৈবে ইহা দুষিত সাক্ষাত॥
মাধবৰ হাতে পড়ি,  লভিবো বৈকুণ্ঠ পুৰি,
 যোগিগণে যাক নপৱয়।