পৃষ্ঠা:কুলাচল বধ.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৬
কুলাচল-বধ।


এতেকেসে হৰিত ভকত যিটো হয়।
সকলে তত্ত্বক জানে কহিলোঁ নিশ্চয়॥
বৈশম্পায়ন বোলে পৰীক্ষিতৰ তনয়।
কৃষ্ণৰ চৰণে চিত্ত কৰিয়ো নিশ্চয়॥
ধৰ্ম্ম পক্ষিগণে যে জৈমিনিত কহিলা।
মোহোৰ মুখত তুমি তাহাক শুনিলা॥
ইটো আচৰিত নোহে কৰ্ম্ম কেশৱৰ।
কলিৰ লোকৰ ইটো উপায় ডাঙ্গৰ॥
শ্ৰবণে কীৰ্ত্তনে আৰ তৰি ভব ৰোগ।
মুকুতি লভিয়া বৈকুণ্ঠত কৰে ভোগ॥
শুনা পাছ কথা বপুসুতে যি কৰিলা।
কুলাচল ৰাজা যেনমতে যি কৰিলা॥
শুনা সভাসদ বনপৰ্ব্ব পুণ্যকথা।
ই হেন মনুষ্য জন্ম নকৰিয়ো বৃথা॥
ঈশ্বৰ কৃষ্ণৰ যিটো চৰিত্ৰ গহন।
সদা অনুৰতে আক কৰিয়ো শ্ৰৱণ॥
জগতৰ কৃপা গুণে সত্যবতী সুত।
পৰম ৰহস্য কথা কৰিলা বেকত॥
ঘোৰ কলিকালে আৰ শ্ৰবণ কীৰ্ত্তনে।
মহা সুখে সংসাৰ তৰিবে সৰ্ব্বজনে॥