সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
কুলাচল-বধ।

একেশ্বৰে আইলা কেনে শঙ্কিত হৃদয়।
কুলাচলে বোলে শুনা পুত্ৰ পত্নীচয়॥
আমাৰাৰ সেনা যত পড়িল ৰণত।
পাৰিষদে মাৰিলেক সেনাপতি যত॥
মোকে দুইবাৰ হৰি চক্ৰে নিপাতিল।
ঋষিবৰ হেতু মোৰ জীবন ৰহিল॥
বিৰথী বিধনু মোক সমৰত কৈল।
বহু সেনা মৰিল কতোহো পলাই গৈল॥
গৃহত পশিলোঁ মই শ্ৰান্ত ভৈলোঁ অতি।
শীঘ্ৰ কৰি সাজিয়োক ৰথ সেনাপতি॥
হেন বাণী শুনি পাছে তাহাৰ তনয়।
ধীৰে ধীৰে বাপেকত বোলয় বিনয়॥
শুনিয়োক বাপ মই কহো যেন মত।
সবে সৈন্য নাশ ভৈল বিষ্ণুৰ হাতত॥
জগতৰে আত্মা হৰি ইষ্ট ভকতৰ।
নাহি অন্ত যাৰ সবে মধ্য পূৰ্ব্বাপৰ॥
সমস্তে জগতে তান উদৰে বসয়।
বিশেষত তান শত্ৰু মিত্ৰ নাহি কয়॥
ভকতৰ শত্ৰুৱে তাহান শত্ৰু হয়।
ভকতৰ পদে হৰি বিষম হোৱয়॥