পৃষ্ঠা:কুলাচল বধ.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৩
কুলাচল-বধ।


এহিমতে কতো ৰাত্ৰি গৈলেক তথাই।
পাছে তাক বধিবাক চিন্তিলা উপাই॥
অনন্তৰে কুলাচল পশিয়া নগৰ।
প্ৰহৰেক ৰাত্ৰিযান্তে পাইলা নিজঘৰ॥
মনত মানিল মোৰ মিলিল মৰণ।
নিস্তৰিবে গজবাখী যত প্ৰজাগণ॥
অগস্তি বাউলৰ শাপ মুকুত হোৱয়।
যদি মোক বধিবাক মাধৱে পাৰয়॥
অস্ত্ৰে শস্ত্ৰে কাহাতো মৰণ নাহি মোৰ।
দিয়া আছে মুনিবৰে মোক বৰ ঘোৰ॥
মাধবৰ চক্ৰত নগৈল মোৰ প্ৰাণ।
সাৰঙ্গ ধনুৰো ভালে সহি আছোঁ বাণ॥
নজানো কি মতে মোক মাৰন্ত মূৰাৰি।
মৰণ উপায় মই নপাওঁ বিচাৰি॥
এহিমতে তাৰ মনে জ্ঞান উপজিল।
আপোনাৰ মৰণক আপুনি চিন্তিল॥
খানিতেক মানে সিটো নিৰঞ্জনে ৰৈলা।
পুত্ৰ পত্নী সবে গৈয়া বুলিবাক লৈলা॥
এত নিশাকালে বাপ কিসক আসিল।
মহা ঘোৰ ৰণে কিবা তোমাক জিনিল॥

-