এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৫
কুলাচল-বধ ৷
বদতি ভাৰতচন্দ্ৰ গোবিন্দ কিঙ্কৰ।
মোক ভক্তি দান দিও প্ৰভু গদাধৰ॥
আমি মহা পতিতক তাৰিবে লাগয়।
মোক নাতাৰিলে নাম কলঙ্কি হোৱয়॥
সুখে দুঃখে মুখে মোৰ নাছাৰোক নাম।
সভাসদ লোকে ডাকি বোলা ৰাম ৰাম॥
ছবি।
ধৰ্ম্ম পক্ষিগণে বোলে, শুনিয়োক জৈমিনি,
যেন কথা ভৈলা তাত পৰ।
মহাবলী কুলাচল, মাতিবে লাগিলা পাছে,
শুনিয়োক দেব দামোদৰ॥
ৰাজাও মুহিকা তুমি, নুহিকা ক্ষত্ৰিয় বীৰ,
তুমি ব্ৰহ্ম বৈকুণ্ঠ নায়ক।
আমি মহা গৃহবাসী, দাম্ভিক প্ৰচণ্ড ক্ৰোধী,
কেন মতে ঝঙ্কাৱা আমাক॥
বিশেষত তুমি মহা, পৰম কৃপালু হৰি,
তোমাৰ নাহিকে পৰ পুন।
সকলে জগত ইটো, তোমাৰ পালন হয়,
মোৰ সৈন্য মাৰা কোন গুণ॥