পৃষ্ঠা:কুলাচল বধ.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৪
কুলাচল-বধ ৷

কিনো মহা ভকত বংসল নাৰায়ণ।
মোক মাৰিবাক মনে কৰিছে যতন॥
আন হাতে মৰি মই বৈকুণ্ঠক যাইবোঁ।
নিন্দিত শৰীৰ ঋষি শপক এড়াইবোঁ॥
এহি বুলি মন তাৰ হৰিত মজিল।
মৰিবাৰ মনে সিটো নিশ্চয় কৰিল॥
চাৰিয়ো দিশক বীৰে চক্ষু বলাই চাইলা।
মাৰে সেনাগণ তাক দৰশন পাইলা॥
প্ৰজাৰ বিপত্তি দেখি ক্ৰোধ জ্বলিলেক।
বোলে পৰিষদগণ দিবোঁ আজি সেক॥
সাম্প্ৰতে আপুনি মাধৱৰ পাশে যাওঁ।
পাছে সবে পাৰিষদ বীৰক ঝন্টাওঁ॥
এহি বুলি ৰথ ডাকিলে ডৰ ডৰি।
আগবাঢ়ি লৈ মহা যত্নে বাজু ধৰি॥
শুনা সভাসদ পদ কুলাচল বধ।
সকলে শাস্ত্ৰতে ইটো মহা বিদগদ॥
কৃষ্ণৰ চৰিত্ৰ ইটো পৰম ৰহস্য।
ইহাৰ শ্ৰৱণ হৰি হন্ত নিজ বশ্য॥
আৰু এক মনে যিটো কৰয় শ্ৰৱণ।
মিলয় মুৰুতি কৰৈ বৈকুণ্ঠে গমন॥