পৃষ্ঠা:কুলাচল বধ.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুলাচল-বধ।


শুনি কৰ্ণ দও সুতে বিষাদ কৰিলা।
সেহিবেলা মহাঘোৰ উত্পাত মিলিলা॥
সভাৰ মাঝত ফেরুৱাৰ কোলাহল।
ধৰিবে খোজন্তে লুকাৱয় ততকাল॥
উপৰত গৃধ্ৰগণে আৰাৱ কৰয়।
হালধি রুধিৰ দুই আদিত্য জ্বলয়॥
চত্ৰ ছামৰ খসি পৰে ঘনে ঘন।
বাম বহু বাম উরু ফন্দয় নয়ন॥
আনো নানামত দেখে বিমঙ্গল চয়।
অনুমানে কহে জানো মৰণ মিলয়॥
পড়িবে বিঘাত পাপী নমানয় তাক।
মহা দ্ৰোহ কৰিয়া ঘালিছে পাণ্ডৱক॥
পুৰ্ব্বে মহন্তৰ শাপে ভ্ৰষ্ট হোয়াচয়।
ইবাৰ হিংসিয়া পাপী সমুলে নাশয়॥
শিব যামলত হৰি কহিছ, সাক্ষাত।
ৰাজা সব নাশ হৱৈ বৈষ্ণৱ হিংসাত॥
শুনিয়ো পাৰ্ব্বতী মই কহওঁ তোমাত।
অনরূপে নৰেন্দ্ৰৰ নোহে আয়ুপাত॥
বৈষ্ণবক কষ্ট লগাই কৰে আয়ু হত।
তাক মই সংহাৰ কৰোহোঁ বাস্তবত॥