পৃষ্ঠা:কুলাচল বধ.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
কুলাচল-বধ।


কৰ্ণদত্ত সুত হৈয়াছৈ দানব
 অগস্তি মুনিৰ শাপে।
সেহি আসি মোৰ  চাৰিয়ো ভ্ৰাতৃৰ
 মাৰিলন্ত বৰ তাপে॥
কেন মতে মোৰ  চাৰি ভ্ৰাতৃ জীবে
 আৱৰ নাহি উপায়।
তোমাৰ দুখানি চৰণত বিনে
 ৰক্ষা কৰ্ত্তা আন নাই॥
শয়নে ভোজনে উপবাস যবে
 সচেতে আৰো সোপনে।
নাহি নাহি বন্ধু ইতিনি লোকত
 তোমাৰ চৰণ বিনে॥
এতেক কহিয়া ৰাজা যুধিষ্ঠিৰ
 চৰণ আগে পড়িল।
ভকত বান্ধব চাৰিহাত মেলি
 ৰাজাক তুলি ধৰিল॥
নকৰিবা ভয় শুনা নৰ নাথ
 বোলোহো মিষ্ট বচন।
কুলাচল বধি তজু চাৰি ভ্ৰাতৃ
 কৰিবো মই বৰুণ॥