সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
কুলাচল-বধ।


পাপৰ অন্তক ইটো হৰি গুণ নাম।
আন কাম এড়ি ডাকি বোলা ৰাম ৰাম॥

দুলড়ি।

বপু শুতে বোলে  শুনা মুনিবৰ
 পৰম ৰহস্য কথা।
ভকত বৎসল  প্ৰভু দামোদৰ
 বহিয়া আছন্ত তথা॥
দিব্য চতুভূৰ্জ  তনুনব সূৰ্য্য
 প্ৰকাশ কৰন্ত আতি।
সকলে বৃত্তান্ত  সুধিলন্ত যেবে
 মাধবে ৰাজাক মাতি॥
পূৰ্ব্বাপৰ প্ৰভু  আপুনে জানাহা
 নাহি বাজ অভ্যন্তৰ।
তথাপি আমাৰ  মুখত বেকত
 কৰা প্ৰভু দামোদৰ॥
ব্ৰহ্মা ক্ষেত্ৰ হন্তে  গালৱৰ তানে
 আছিলোহোঁ কতদিন।
ইথানে আসিবে  বাধিলন্ত মুনি
 দেখিয়া সমস্তে চিন্ন॥