পৃষ্ঠা:কুলাচল বধ.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
কুলাচল-বধ।

হেন দেখি তাৰ লগড়িয়া বীৰগণে।
ভীমক হানিবে লৈলা দারুণ সন্ধানে॥
চোট পায়া অন্তৰিল বায়ুৰ তনয়।
সেহিবেলা হানিলে অৰ্ৰজ্জুনে শৰচয়॥
কাটন ফুটন মহাশৰ তীক্ষ্ণতৰ।
শৰীৰ শালিল কুলাচল দানবৰ॥
শৰীৰ ঢাকিয়া অতিরুধিৰ বহয়।
ফুৰণি লাগিল কম্পে দেখি তমোময়॥
হৰহৰ কৰি ৰথখান পাকফুৰে।
হেন দেখি অৰ্জ্জুনক মাতে বৃকোদৰে॥
পুৰ্ব্বে বৰ দিয়া আছৈ অগস্তি দুৰ্জ্জয়।
নবপ্ৰহৰৰ ভিতৰত নমৰয়॥
এতেকেসে হুসকিয়া যাইবাক লাগয়।
ইহাৰ হাতত আছে আমাৰ সংশয়॥
অৰ্জ্জুনে বোলন্ত দদা কহিলাহা ভাল।
পাপিষ্ট দানব আগ নবাছটে সকাল॥
তথাপিতো আৰ বল পৰাক্ৰম চাওঁ।
নোহে মাৰোঁ নুহি আপুনিয়ে মৰি যাওঁ॥
পক্ষিগণে কহে মুনি শুনা তাতপৰ।
শ্ৰীহানি হুয়া আসৈ চাৰি পাণ্ডবৰ॥