পৃষ্ঠা:কুলাচল বধ.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮১
কুলাচল-বধ৷

আরু তিনি পাট তাৰ হিয়াত পড়িল।
পুঙ্খমানে তল গৈল আচোটে ঘামিল॥
পাছে দৈত্যে হানিলেক অসংখ্যাত শৰ।
স্থানে স্থানে ভেদিল শৰীৰ অৰ্জুনৰ॥
মহাবীৰ অৰ্জ্জুন কিঞ্চিতো নটলিল।
মহা খৰোতৰে অতি শৰজাক দিল॥
নাকে মুখে গাৱে তাৰ ফুটিল সন্ধানে।
মহিষ গণকো হানিলেক বড় টানে॥
শতেক মহিষ গাৱে গাৱে ভেদিলেক।
শৰচোটে পাক ফুৰে মহিষ শতেক॥
আওঁ আওঁ কৰি সহে আটাশ তেজয়।
কিসে নাদ কৰে হেনমত অতিশয়॥
ত্ৰৈলোক্যৰ লোকৰ কাণত দিলে তাল।
থমকি ৰহিলা আঠ দিগজ বিশাল॥
সেহি বেলা বৃকোদৰে ছিদ্ৰক লভিয়া।
মহিষ যুথৰ পাছে মাঝত পশিয়া॥
কোবাইবে লাগিলা অতি চণ্ডনাদ কৰি।
কৰো শৃঙ্গ ভাঙ্গে কাৰো ভাঙ্গে দুই ভৰি॥
এহিমতে দুই দণ্ড মানে প্ৰহাৰিল।
ত্ৰিংশ গোটামানে তেবে মহিষ পড়িল॥

(১৬)

১৬