পৃষ্ঠা:কুলাচল বধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কুলাচল-বধ৷

যজ্ঞ ৰূপিবৰাহ মৃগেন্দ্ৰ পশুচয়।
আনো নানা জাতি পশু অনেক আছয়॥
সবে ব্ৰহ্ম বিশাৰদ পশুমাত্ৰ নাম।
নিৰ্ভয়ে চৰয় সবে পূৰি মনস্কাম॥
একো কালে কেহো তাক মাৰন্ত্য নোহয়।
ৰাজ পুল্ৰে মাৰে পালনীয় পশুচয়॥
দামে দামে পালে পালে পশু সংহৰিল।
বিধাতাৰ সৃজনক বিঘাত কৰিল॥
পাত্ৰ মন্ত্ৰী সবে বোলে শুনিয়ো কুমৰ।
যত লাগে মানে পশু ভৈলেক বিস্তৰ॥
কুমাৰে বোলয় আজি মৃগয়া কৰিবোঁ৷
কালি থাকি পৰশুই প্ৰভাতে চলিবোঁ॥
এহি বুলি পাত্ৰগণ সমে দুৰাশয়।
ঘোৰ অৰণ্যত ধনু ধৰিয়া ফুৰয়॥
সেহি বেলা পূৰ্ব্বৰ সংস্কাৰে লাগ লৈল।
ক্ষুধায়ে পিয়াসে আতি হাৰা শাস্তি ভৈল॥
পাত্ৰক সম্বুধি পাছে বুলিলা বচন।
কোনে যজ্ঞ কৰৈ তাক যাহা এতিক্ষণ॥
অন্ন দ্ৰব্য যজ্ঞৰ সম্ভাৰ বস্তু যত।
আমাক দেন্তোক কহা তাহান আগত॥