পৃষ্ঠা:কুলাচল বধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কুলাচল-বধ৷

তাহাৰ বচন শুনি পাত্ৰগণে যাই।
কতো বেলি পাইলা ঋষি সমুহৰ ঠাই॥
দেখিলেক ঋষিৰ সমাজ ভয়ঙ্কৰ।
হৰিক পুজন্ত বস্তু মিলায়া বিস্তৰ॥
ঋত্বিজ আচৰ্য্য আরু সদস্য যতেক।
চাহিবে নপাৰি মুৰ্ত্তি দেখিয়া প্ৰত্যেক॥
প্ৰত্যেক জনৰ মুখে বহ্ণি বাজ হয়।
যোজনেক স্থানে পূজা পাতিয়া অছয়॥
তাম্ৰ ৰৌপ্য সুবৰ্ণৰ ভাজন যতেক।
হাজাৰে হাজাৰে ভৰি পূৰিয়া থৈলেক॥
দধি দুগ্ধ ঘৃত মধু শৰ্কৰা মোদক।
ক্ষীৰিচা সন্দেশ পিঠা পনা অতিৰেক॥
আখৈ চিৰা লাড়ু মুগডালী টেডালী।
বিবিধ ব্যঞ্জন অন্ন সাজি আছে ভালী॥
তাম্ৰ সুবৰ্ণৰ পাত্ৰে ভৰি ভৰি থৈলা।
আমোদিত ভাসে গন্ধে বহু দূৰগৈলা।
লেহ্য পেয় চৰ্ব্ব্য শুষ্য চাৰি বিধ অন্ন।
এক প্ৰহৰৰ থালি কৰিছে শোভন॥
ভয়ঙ্কৰ কুণ্ডখানি ঘৃতৰ আহুত।
জয় জয় ধ্বনি দিশ পুৰিছে বহুত॥