সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
কুলাচল বধ।

যেন মেঘে ঢাকিলেক বাৰিষা কালত।
অৰ্জ্জুনে বোলন্ত কাৰ্য্য় ভৈল বিসঙ্গত॥
এহি বুলি ধনুখান টঙ্কাৰ কৰিলা।
কতো দূৰ মানে ৰণ ধৰণী লড়িলা॥
চমকি বহিলা দানবৰ সেনাগণ।
সেহি বেলা চাৰি বীৰে জপাইলেক ৰণ।
চাৰিবীৰে শৰ সব আথাকে হানিলা।
দানবৰ শৰকাটি মুকলি কৰিলা॥
পাছে ধনঞ্জয়ে বাণ প্ৰহাৰিবে লৈলা।
দানব সবক দ্ৰুতে কাটিবে লাগিলা॥
কাৰো নাক কান কাৰো কাটে কঙ্কালত॥
হাততে কাটয় কতো ধনুবাণ যত॥
আধা কটা হুয়া কতো পড়ে ধৰণীত।
কাৰো বানে সমে কাটি কৰে চুৰ্ণাকৃত।
এহিমতে মহাচোট কৰিয়া সত্বৰ।
ধনঞ্জয়ে কাটিলন্ত বীৰ বহুতৰ॥
নকুল সহদেব দুয়ো কৰে ঘোৰ ৰণ।
দুয়ো বীৰে কাটিলে বহুত বীৰগণ॥
তিনি হন্তে কৰিলে দানৱ বুন্দামাৰ।
দেখি দানৱৰ ভৈল বিষাদ অপাৰ॥