পৃষ্ঠা:কুলাচল বধ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
কুলাচল-বধ।

কতো দূৰে ৰৈয়া দম ঘোষক তৰিলা।
দানব সেনাৰ গৈয়া বেহুত পশিলা॥
বৰ বৰ বীৰগণে আগ হুয়া ৰৈল।
চাৰিয়ো বীৰক দেখি গৰ্জ্জিবাক লৈল।
মাৰিলিহি আমাৰাৰ বাপ মমা ভাই।
তোমৰাৰ হৈবে আজি বিপত্তি বিলাই॥
কতো বোলে তোমৰাৰ দেখি দায়া লাগে।
নপলায়া কিসক আসিলা ৰণ আগে॥
ঘোৰশৰে তোমৰাৰ মিলিবে মৰণ।
আগ পাছ চাহি যদি নকৰাহা ৰণ॥
আরু গোটে বোলে ওঁবা নুকোৱাহা কিক
আমাৰ বলত কৰি তাহাৰা অধিক॥
একে মহাৰাজ কুলাচলত বিনায়।
আহান সমান বলী ত্ৰিভুৱনে নায়॥
হেৰা দেখা বৰ গোটে গদা আছে তুলি।
সবাকে মাৰিবে ইটো কোবায়া সমূলি॥
আরু গোট দেখা ঘোষ ধনুবাণ ধৰি।
মাৰিবে সবাকো মহা বাণক প্ৰহাৰি॥
এহি চাৰি বীৰে ত্ৰিভূৱনে বিনাশয়৷
বঘাসুৰ বধে আক দেখিছোঁ নিশ্চয়॥