সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩১
কুলাচল বধ।

এহি জানি সিটো খান্তি পথ নবঝাই।
তাহাৰ ভিতৰে পশি থাকয় সদাই॥
পক্ষিগণে বোল জৈমিনি শুনিয়োক।
তাৰ আগে চলিলেক অসংখ্যাত লোক॥
অনন্তৰে পাণ্ডু পুত্ৰ গণক দেখিল।
দানবৰ সেনাগণে জিঙ্কৰি উঠিল॥
প্ৰচণ্ড আৰাৱ কৰি বোলয় বচন।
আচল মনুষ্যগণ আস এতিক্ষণ॥
যাৰ যি যান সবে তাহাত চড়িয়া।
গৰ্জ্জন কৰয় সবে নদী তীৰে ৰৈয়া॥
আস আস মানুষীয়া নপলাৱ ডৰে।
আমাৰ আগত যুদ্ধ কৰিয়ো সত্বৰে॥
পলালেয়ো তিনিয়ো ভূবনে বিচাৰিবোঁ৷
ব্ৰহ্মাৰ লোকৰ পৰা বিচাৰি আনিবোঁ॥
এহি মতে আন বহু বচন ৰটয়।
তাক নসহিলা চাৰি পাণ্ডুৰ তনয়॥
ধনুবাণ ধৰিয়া ৰাজাক প্ৰণমিয়া।
আটোপ কৰিয়া সবে গৈলেক চলিয়া॥
ৰামকৃষ্ণ নামক উচ্চৰি ঘনে ঘন।
আগ পাছ কৰিয়া চলিলা চাৰি জন॥