পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৭২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
কুমৰ-হৰণ

তাত পাছে প্ৰহাৰিলা বিপৰীত শূল।
কুমৰত পড়ি সিয়ো ভৈগৈল নিৰ্ম্মল॥
দশ গোট৷ হস্তী আনি গড়কাইল পাছে।
বজ্ৰসম শৰীৰ কুমৰ বসি আছে॥
তাত পাছে পেহ্লাইলেক সাগৰৰ জলে।
উটন্তে ফুৰয় তাত মহা কৌতূহলে॥
যত যত প্ৰকাৰে প্ৰহাৰে শৰীৰত।
সূৰ্য্যৰ প্ৰসাদে একো নপড়ে গাৱত॥
মাৰিবাক লাগি তাৰ শকতি নভৈল।
পোতাশালে তাঙ্ক পাছে বন্দী কৰি থৈল॥
কুমৰক বন্দী কৰি চলি গৈলা বাণ।
দেৱ ঋষি নাৰদ আগত বিদ্যমান॥
নাৰদে বোলন্ত বাপা থাকা দিন চাৰি।
আপুনি গোবিন্দে আসি নিবন্ত উদ্ধাৰি॥
এতিক্ষণে যাওঁ মই বাৰ্ত্তা জনাইবাক।
এহি বুলি নাৰদ লড়িলা দ্বাৰকাক॥
কৃষ্ণৰ আগত গৈয়া ভৈল উপসন্ন।
পাদ্য অৰ্ঘ্য আচমনি দিলন্ত আসন॥
খানিতেকো চিন্তা নাই তোমাৰ মনত।
অনিৰুদ্ধ বন্দী ভৈল শোণিতপুৰত॥