পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কুমৰ-হৰণ


কোঠেৰ অগনি ইটো জানি বা নাজানি।
হেন শুনি চিত্ৰলেখা বুলিলেক বাণী॥
এহিতো জানিবা বাণ নৃপতিৰ দেশ।
তেজপুৰ নাম ইতো নগৰ বিশেষ॥
তোমাক নিবোহো এহি নগৰ ভিতৰ।
চাহি থকা প্ৰভু তুমি নকৰিবা ডৰ॥
ঊৰ্দ্ধমুখ কৰি তাই ৰথক ডকাইল।
অগ্নি গঢ় চড়াই গৈয়া শিখা গঢ় পাইল॥
শিখা গঢ় চড়াই ৰথ যাই ধীৰে ধীৰে।
অলক্ষিতে প্ৰবেশিলা ঊষাৰ মন্দিৰে॥
ৰথৰ নামিয়া দুয়ো ভূমি পাৱ হুয়া।
ঊষাৰ পাশক গৈলা কুমৰক লৈয়া॥
চিন্তা কৰি ঊষা বসি আছে একেশ্বৰে।
দূৰতে দেখিলে সখী আনিলা কুমৰে॥
আথে বেথে গাৱ চালি ঊষা ভৈলা থিউ।
পুনৰপি আইল যেন মৃতকৰ জীউ॥
অনিৰুদ্ধে দেখিলেক ঊষাৰ বদন।
যি কহিলা চিত্ৰলেখি সফল বচন॥
ভৰি চাৰি পাঞ্চ আগ বাঢ়ি মৃদু ভাৱে।
আনন্দে বসিলা ঊষা শঙ্কিত স্বভাৱে॥