পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুমৰ-হৰণ

প্ৰণামো সহস্ৰ শিৰ সহস্ৰ লোচন।
প্ৰণামো সহস্ৰ বাহু সহস্ৰ চৰণ॥
প্ৰণামো সহস্ৰ নাসা সহস্ৰেক কৰ্ণ।
প্ৰণামো মাধৱ তত্ত্ব দুতয় চৰণ॥
সংসাৰ সাগৰে মজি আছে সৰ্ব্বজন।
মহাভাগৱত নৌকা তাহাৰ চৰণ॥
যদি শুদ্ধ চিত্তে শুনে এহি ভাগৱত।
সংসাৰ সাগৰে জলে তৰিব লীলাত॥
মহাভাগৱত চাৰি বেদতে প্ৰধান।
পুৰাণ ভাৰতে আক নুহিকে সমান॥
আৰ এক পদ যিবা শুনে শুদ্ধ মনে।
কোটি এক বংশে লৈয়া চলে বিষ্ণু-থানে॥
হেন মহাভাগৱত পদ বন্ধ কৰি।
বিৰচিবো হৈয়ো মোত সুপ্ৰসন্ন হৰি॥
মুকুতিত মন যাৰ ৰঙ্গে শুনিয়োক।
বিষ্ণুৰ কথাত নিন্দা নকৰিবা মোক॥
অনিৰুদ্ধ কুমৰ যে স্বৰূপে মুৰাৰি।
তেহে বিহাইলন্ত ঊষা বাণৰ কুমাৰী॥
কুমৰ-হৰণ কথা অমৃত সঙ্কাশ।
শ্ৰীচন্দ্ৰভাবতী পদ কৰিলা প্ৰকাশ॥