পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীকৃষ্ণায় নমঃ

কুমৰ-হৰণ

পদ
⸺৹:(✴):৹⸺

জয় জয় গণেশ্বৰ জয় দিনকৰ।
জয় দামোদৰ জয় জয় মহেশ্বৰ॥
জয় মহালক্ষ্মী দেৱী জয় সৰস্বতী।
একবাৰে সবাহাঙ্কে কৰোহোঁ প্ৰণতি॥
জয় নমো কৃষ্ণ বিষ্ণু বৈকুণ্ঠ মাধৱ।
জয় ত্ৰিজগত পতি জগত বান্ধৱ॥
জয় হৰি অপাৰ সাগৰে কৰা পাৰ।
জয় জয় দৈত্যাৰি দানৰ অনিবাৰ॥