পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৯৬]

মায়াৰূপী শৰ সিতো তিৰিৰ আকাৰ।
দৃঢ় দেহা ধৰি আছে পৰম দুৰ্ব্বাৰ॥
শুনি জন্মিজয় কৰযোৰে পুচিলন্ত।
কহিয়োক গুৰুবাপ তাহাৰ বৃতান্ত॥ ৪৩৮
কৈত পাইলা সিতো শৰ পৰম দুৰ্ব্বাৰ।
কিয় পিতামহে সিতো নাজানয় শৰ॥
ইহাক শুনিবে আতি মনত উৎসব।
আৰ আদিঅন্ত কথা কহিয়ো বান্ধব॥ ৪৩৯
হেন শুনি মুনিবৰে কহিলা তাহাক।
দেবদৈত্য গৈলেক সাগৰ মথিবাক॥
মথিলা সাগৰ সবে দ্ৰব্য উপজিলা।
ভাগে ভাগে বস্তু সবে দেবগণে নিলা। ৪৪০
ঐৰাবত হস্তী আৰ উচ্চৈশ্ৰবা হয়।
উপজিলা পাৰিজাত পুষ্প অতিশয়॥
তাত পাচে অপেস্বৰা সব উপজিলা ৷
তিৰিময় শৰপাত লগতে উঠিলা॥ ৪৪১
কালমুখী শৰপাত পৰম সুন্দৰ।
অপেস্বৰা পাচে বাজ ভৈলেক সত্বৰ।
স্বৰ্গৰ ভুষণ যত দিব্য কণ্ঠাগণ।
বাসবে নিলন্ত তাক কৰি ৰঙ্গমন॥ ৪৪২