পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৯৩]
এইক আবে কি কৰিবো,   কেনমতে বিনাশিবাে॥
পলাই সাৰিবে টান, ধৰিবেক বিদ্যমান৷
এক গৰাসতে খাইবো, হাৰে মুণ্ডে চোবাইবাে॥
লােকত কীৰিতি ৰৈবো, মহাকুখ্যাতিও হৈবো৷৪২৪
যি হৌক সি হৌক ভাগে শৰ প্ৰহাৰিব লাগে ॥
মায়াবী ৰাক্ষসী জাতি, কৰিবেক মায়াআতি৷
নিগদতি মুনিবৰ, এহিবুলি ধনুশৰ ॥
ধৰিলেক বৰনাৰী, প্রচণ্ড আটাস পাৰি৷ ৪২৫
কৃষ্ণ কৃষ্ণ উচ্চাৰিয়া, ঘোৰবান প্ৰহাৰিলা॥
তিশাল বিষাল বান, ছুইনে মাত্র হৰে প্রাণ।
হেনবান হানিলেক, হৃদয়ত পৰিলেক॥
উফৰি পৰিলা শৰ, ভয়ভৈলা নিৰন্তৰ। ৪২৬
আৰু পাত প্রহাৰিলা, সিয়ো পৰি নাশ ভৈলা॥
দ্রৌপদীক খেদি গৈলা, যাজ্ঞসেনী ভয় ভৈলা।
হৰাইলা চুৰুতি জ্ঞান, নৰহয় যেন প্রাণ ॥
মনে দৃঢ় কৰিলন্ত, ধনুধৰি তুলিলন্ত৷ ৪২৭
সন্নিতট ভেট পাই, উপৰক তুলি চাই॥
কৰকৰি চোবাই দান্ত, যেন তেলিয়াৰ জান্ত।
মাথাত কামােৰ দিম, মৰমৰি চোবাই নিম॥
এহিমতে দৃঢ় কৰি, খেদি পাইলা বেঙ্গধৰি । ৪২৮