এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৯৩]
| এইক আবে কি কৰিবো, | কেনমতে বিনাশিবাে॥ | |
| পলাই সাৰিবে টান, | ধৰিবেক বিদ্যমান৷ | |
| এক গৰাসতে খাইবো, | হাৰে মুণ্ডে চোবাইবাে॥ | |
| লােকত কীৰিতি ৰৈবো, | মহাকুখ্যাতিও হৈবো৷৪২৪ | |
| যি হৌক সি হৌক ভাগে | শৰ প্ৰহাৰিব লাগে ॥ | |
| মায়াবী ৰাক্ষসী জাতি, | কৰিবেক মায়াআতি৷ | |
| নিগদতি মুনিবৰ, | এহিবুলি ধনুশৰ ॥ | |
| ধৰিলেক বৰনাৰী, | প্রচণ্ড আটাস পাৰি৷ ৪২৫ | |
| কৃষ্ণ কৃষ্ণ উচ্চাৰিয়া, | ঘোৰবান প্ৰহাৰিলা॥ | |
| তিশাল বিষাল বান, | ছুইনে মাত্র হৰে প্রাণ। | |
| হেনবান হানিলেক, | হৃদয়ত পৰিলেক॥ | |
| উফৰি পৰিলা শৰ, | ভয়ভৈলা নিৰন্তৰ। ৪২৬ | |
| আৰু পাত প্রহাৰিলা, | সিয়ো পৰি নাশ ভৈলা॥ | |
| দ্রৌপদীক খেদি গৈলা, | যাজ্ঞসেনী ভয় ভৈলা। | |
| হৰাইলা চুৰুতি জ্ঞান, | নৰহয় যেন প্রাণ ॥ | |
| মনে দৃঢ় কৰিলন্ত, | ধনুধৰি তুলিলন্ত৷ ৪২৭ | |
| সন্নিতট ভেট পাই, | উপৰক তুলি চাই॥ | |
| কৰকৰি চোবাই দান্ত, | যেন তেলিয়াৰ জান্ত। | |
| মাথাত কামােৰ দিম, | মৰমৰি চোবাই নিম॥ | |
| এহিমতে দৃঢ় কৰি, | খেদি পাইলা বেঙ্গধৰি । ৪২৮ |