পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৯২]

ভেজা ভাষাভুব যত বিষয়ৰ কাম।
খণ্ডেক অপদ ডাকি বোলা ৰাম ৰাম॥৪১৯

ঝুমুৰি।
অনন্তৰে যাজ্ঞসেনী,   আছিলন্ত মনে গুনি।
কিনো মোৰ ভৈলা কষ্ট, স্বামী সব ভৈলা নষ্ট।
লাজ কাজ এৰিলোহোঁ, শৰ ধনু ধৰিলোহোঁ৷
মাৰিলোহোঁ ম্লেচ্ছগণ, ভুতদায়া কৰি চন॥৪২০
কাটন মাৰণ ধৰ্ম্ম, ক্ষত্ৰিয়ৰ নিজ কৰ্ম্ম।
নিৰ্দ্দয়া স্বৰূপ হুয়া, কাতি মাৰি বশ্যকায়া।
তাসম্বাৰ এহিবন আমি নাৰী অল্পজুন।
স্বামী সেবা মাত্ৰ কাজ, থাকিবেক গৃহ মাজ॥৪২১
ভুতদয়া নাছাৰিবো, স্বামীৰ সোত ৰৈবো।
পুত্ৰবতে প্ৰাজাগণ, পালিবেক ৰঙ্গমন।
অন্তকালে স্বামী পদে, অনুগামী যাই বলে।
স্বামীৰ সঙ্গত মন, নযাই যিতো নাৰীজন॥ ৪২২
পুংচলিৰ জনা কাৰ্য্য, হাসিবেক সবে ৰাজ্য।
স্বামী নাহিকে তাৱ, ইতে নৰকাতাঠাৱ।
হাঁ বিধি কি বিল, শান্তিধৰ্ম্ম বিনাশিলা।
মিলিলা মৰণ মোৰ, আইলা ৰাক্ষসিনী বোৰ॥৪২৩