সমললৈ যাওক

পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৭ ]

এহিমতে আনো নানা মিনতি কৰিলা।
দ্ৰৌপদীৰ হৃদয়ত ধৰি প্ৰবেশিলা॥
বুদ্ধবল তেজবল শক্তিবল চয়।
তাহান গাৱত আসি ভৈলা অৰ্ব্বুদয়॥৩৪৪
বৈসম্পায়ন বদতি শুনিয়ো মহাৰাই।
দ্ৰৌপদীৰ মহিমাক চাহান নযাই॥
ত্ৰিপুৰ দহিবে লাগি শঙ্কৰ আসিলা।
ম্লেচ্ছসেনা বধিবাক তেমনে বাঢ়িলা॥৩৪৫
আঢাসেক দিয়া ধনু টঙ্কাৰ কৰিলা।
দিসবিদিসৰ ৰণভূমি প্ৰকাশিলা॥
হেন দেখি ম্লেচ্ছসেনা সিংহনাদ কৰি।
সমৰক ধাইলা সবে বৃক্ষশিলা ধৰি॥৩৪৬
পৰ্ব্বতক বেঢ়ি যেন মেঘে বৰিষয়।
গিৰিস গিৰিস কৰি আসিয়া পৰয়॥
শৰ হানিবাৰ একো নপাই যতনে।
কৃষ্ণনাম গোবিন্দ সুমৰে ঘনে ঘনে॥৩৪৭
দুই দণ্ডমানে পাচে ৰহিয়া আছিলা।
শিলবৃক্ষ হানি ম্লেচ্ছ সেনা ভাগৰিলা॥
অনন্তৰে যাজ্ঞসেনী শৰ প্ৰহাৰিলা।
প্ৰথম সেনাক বেগে কাটিয়া পেলাইলা॥৩৪৮