পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৮ ]

পৰ্ব্বত গহবৰ কাৰো চাৰি পাঞ্চমুখ।
কাটি গিৰসিত কৰি কৰয় বিমূখ॥
পুনঃ পুনঃ শৰহানি দিশক পুৰিলা।
ম্লেচ্ছ সেনা সব কাটি নিসন্ধি কৰিলা॥৩৪৯
আগবাঢ়ি যাই যত প্ৰথম সকল।
খঙ্গে যাজ্ঞসেনী শৰ হানয় কেবল॥
দীঘল তিখাল শৰ মহা ভয়ঙ্কৰ।
কাতি মাৰি চুৰ্ণ কৰি নেই নিৰন্তৰ॥৩৫০
হেন দেখি কালকুঞ্জে লৈয়া তৰুশাল।
সৈন্য সৰ পাচ কৰি আগ হুয়া গৈল॥
ক্ৰোধ কৰি চাই বোলে চক্ষুক ৰঙ্গাই।
পৰ্ব্বত সমান দেহা দেখি ভয় পাই॥৩৫১
শুনা অবে কৈৰ আসি মোৰ সেনাগণ।
আমাৰ ভ্ৰাতৃক মাৰি আছা কি কাৰণ॥
বজ্ৰে বান্ধি আছে তোৰ শৰীৰৰ কাই।
কালকুঞ্জ ৰাক্ষসক কিছুভয় নাই॥৩৫২
কিবা দেব কিবা দেবী কিবা নৰনাৰী।
আমাৰ আগত কথা কহা জান্ত কৰি॥
ন কহিলে আজি তোক নিবো যমপুৰ।
কাত গছ তোহোৰ ভাবনা কৰোঁ চৰ॥৩৫৩