এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১৯ ]
সাধু সাধু দ্ৰুপদ নন্দিনী বৰ নাৰী।
তযু ভাগ্য যত তাক কহিতে নপাৰি॥
তোমাৰ প্ৰসাদে আমি জীলো পাঞ্চ ভাই।
দ্ৰৌপদীক প্ৰসংশিলা যুধিষ্ঠিৰ ৰাই॥৫২
অৰ্জ্জুনে বোলন্ত দাদা আগে আছো জানি।
মঞ্চঋষি ইটোকথা কহিলা যৈসানি॥
দ্ৰৌপদীৰ যুদ্ধ হৈব ম্লেচ্ছসেনা সঙ্গে।
আমাৰ কল্যান হৈব দেৱতাৰ ৰঙ্গে॥৫৫০
সহদেবে বোলে ইটো আচৰিত নই।
ঈশ্বৰৰ ইচ্ছা ইটো পূৰ্ব্বে আছে হুই॥
পুৰ্ব্বে মহামায়া ইটো কথা জানিচয়।
তাতে দ্ৰৌপদী হস্তে মৰিয়া আছয়॥৫৫৪
সিকাৰণে তিৰীৰ হাতত মৰিলন্ত।
দেবীৰ বচনমাত্ৰ সত্য কৰাইলন্ত।
এহিমতে আনো নানা কহি কথামাত।
দুতয় প্ৰহৰ মান আচয় তথাত॥৫৫৫
চাৰিদণ্ড বেলা আছে দেখি নৰ ৰাই।
ভীমক চাহিয়া হেন বুলিলা বুজাই॥
পথ চাৰি আসি ম্লেচ্ছ সেনাত পশিলো।
পালতিয়া চলো বুলি তোমাত পুছিলো॥৫৫৬