পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২০ ]

ইটো পথে বহুত্তৰ ফুৰিবে লাগয়।
আছয় কমল বন লক্ষ্মীৰ নিলয়॥
তাক দৰশনে স্নান কৰিবাক ভাল।
আছে কৰ্ণদত্ত মুনি তপস্বী বিশাল॥৫৫৭
তাক দৰশনে হব পুণ্য অৰ্ব্বুদয়।
সেহি বেলা ভীমসেন কহিবে লাগয়॥
বৃকোদৰে বোলে কি আমাৰ ফুৰণ।
যেনে তেনে হৈবে লাগে দূৰ্গতি তাৰণ॥৫৫৮
দ্ৰৌপদী বোলন্ত প্ৰভু কহিও নিশ্চয়।
কিমতে কমল বনে লক্ষ্মীৰ নিলয়॥
কোন কালে লক্ষ্মী তাত নিবাস কৰিলা।
বৈকুণ্ঠক এৰি কেনে ইহাক আসিলা॥৫৫৯
যুধিষ্ঠিৰে বোলে শুণিয়োক যাজ্ঞসেনী।
ভীষ্ম পিতামহে মোত কহিছে আপুনি॥
গজেন্দ্ৰক উদ্ধাৰিতে কৰি আতি মন।
হৰি মেধা বিপ্ৰঘৰে ভৈলা উতপন॥৫৬০
লক্ষ্মী আসি কমল বনত ৰহিলন্ত।
অযুত বছৰ মানে তথাতে আছন্ত।
মনুষ্যৰ মানে গৈল অযুত বছৰ।
লক্ষ্মীৰ মনত জীনা ক্ষেনেক মাতৰ॥৫৬১