পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১০৭ ]


ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্নি কুবেৰ বৰুণ।
অস্বীণীকুমাৰ আৰু অষ্টবসুগণ॥
সবে আসি কতো দূৰে ৰৈলা আলাগতে।
দ্ৰুপদ জীয়াক সবে প্ৰশংসি সততে॥৪৯৩
যাজ্ঞসেনী নাৰী যেবে ৰণজয় ভৈলা।
অনন্তৰ দেবৰাজে বুলিবাক লৈলা॥
শুনিয়োক আই কৰিলাহা উপকাৰ।
তিনিয়ো লোকৰ দুখ গুছাইলা সবাৰ॥৪৯৪
লোৱা বৰ দেওঁ যিতো মনে আছে ইচ্ছা।
গুৰুত্তৰ কৰ্ম্ম তুমি আপুনি কৰিছা॥
প্ৰণাম কৰিয়া পাচে অবনত ভাৱে।
ধীৰে ধীৰে বৰনাৰী মাতে সেহি ঠাৱে॥৪৯৫
তোমোৰা দেবতা সব পৰ উপকাৰী।
আমি বনৱাসী আৰু অনাথিতি নাৰী।
পাঞ্চজন পাণ্ডব জীয়োক দিয়া বৰ।
এহিমানে তোমাসাক কৰোহোঁ কাতৰ॥৪৯৬
আনবৰ আমাক কিসক লাগিচয়।
সবে বৰ পাওঁ তেবে পাণ্ডব জীবয়॥
জীয়োক পাণ্ডব বুলি ইন্দ্ৰে বৰ দিলা।
অশ্বিনীকুমাৰ তুইকো আদেশ কৰিলা॥৪৯৭