পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০৮ ]

মহা ঔষধীক দিলা বিশল্য কৰণী।
পাঞ্চৰ শৰীৰ ভেদি ৰাহিলেক চানি॥
ঢালিলা অমৃত বৃষ্টি সবাৰ গাৱত।
সুস্থ্য হুয়া উঠি উঠি বসিলা তথাত॥৪৯৮
যেন নিদ্ৰা জাগিয়া উঠিলা শয়ন।
বিষনাশ কৰিলেক অশ্বিনী কুমাৰ॥
বজ্ৰময় দেহা অতি অষ্টগুণে বল।
কৃষ্ণ কৃষ্ণ সুমৰিয়া ৰহিলা কেবল॥৪৯৯
দেবাঙ্গ বসন ৰত্নময় অলঙ্কাৰ।
দ্ৰৌপদীক দিলা ইন্দ্ৰে কৰিলা সৎকাৰ॥।
যুধিষ্ঠিৰ নৃপতিক নুবুলি বচন।
আপুনাৰ থানে চলি গৈলা দেৱগণ॥৫০০
দ্ৰোপদীয়ো পাঞ্চ পাণ্ডবৰ সন্নিতত।
ৰহিয়াছে মহাদুখ কৰিয়া মনত॥
জিলা পাঞ্চপতি মোৰ খণ্ডিলা নিকাৰ।
এহিবুলি বৰনাৰী হৰিষ অপাৰ॥৫০১
দেবাতাৰ বৰে দেবী অধিকে জ্বলন্ত।
যুধিষ্ঠিৰে ঘনে ঘনে তাহাক চাহন্ত॥
পাঞ্চবীৰ বসিয়া আছন্ত ৰঙ্গমনে।
কৃষ্ণ কৃষ্ণ নাম সুমৰন্ত ঘনে ঘনে॥৫০২