পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০৩ ]

হাওঁৰে মানুষী তই কিকাম কৰিলি।
ভাৰ্য্যা ভ্ৰাতৃমাৰি তই যশক লভিলি॥
মোহোৰ হাতত তই যাইবি কোন ঠাই।
ত্ৰিদশ দেৱৰ আৰে মুখে দিওঁ চাই॥ ৪৭৩
যাজ্ঞসেনী বোলে অৰে পিশাচ দাৰুণ।
আমাসাক হেন বানী বোলা কোনগুণ॥
ভাৰ্য্যা ভ্ৰাতৃ মাৰিলোহো তোৰ নাই লাজ।
তোহোক মাৰিবো আজি বুজ মায়েৰ কাজ॥৪৭৪
এতো প্ৰতি প্ৰতি বোলো গৃহ লাগি চল।
আপুনাৰ ধৰে যাই ৰহিয়ে নিস্ফল॥
হেন শুনি কালকুঞ্জ ক্ৰোধে কম্পিলেক।
তেতিক্ষণে দ্ৰৌপদীক শেল হানিলেক॥৪৭৫
দ্ৰৌপদীয়ো নৰাচ হানিলা ধৰি বেগে।
হানা শেলগোট বিনাশিলা সেহি ছেগে॥
সেহিবেলা দানবে হানিলা পৰিঘক।
দ্ৰৌপদীও হানিলা যে ঘোৰ ত্ৰিকণ্টক॥৪৭৬
কণ্টকে পৰিঘে এক ঠাই ভৈলা দুই।
ধৰণী পৰিলেক খণ্ড খণ্ড হুই॥
দেখি ম্লেচ্ছগোটে খঙ্গে মুণ্ড আস্ফালয়।
তিৰি গোটে হেন মহা বিৰতু কৰয়॥৪৭৭