এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১০৪]
শেল পৰিঘাক নষ্ট কৰিলা আমাৰ।
আছে আৰু শূলপাত ত্ৰিভুবন সাৰ॥
মহেশ্বৰে আমাক দি আছে দয়াওৰে।
হৰৰ ত্ৰিশূল যেন হােৱে ধাৰে সাৰে॥৪৭
এহি যদি নষ্ট যাই মােহােৰ মৰণ।
মানুষী নাৰীৰ তেবে সাম্ফল জীবন॥
এহিবুলি দেবদেবী দুইকো সুমৰিলা।
আকাশক চাই যেন শূল প্রহাৰিলা ॥৪৭৯
লৰিলা ধৰণীখান তলবল কৰি ।
দেবাসুৰ নৰ ভয়ে গৈলা ডৰাডৰি॥
দেখি যাজ্ঞসেনী ভয়ে তৰাসিয়া গৈলা।
কিবা কৰিবেক মনে গুণিবাক লৈলা ॥৪৮০
দেবগণে বােলে আজি সমুলে বুৰয় ।
দানবৰ শুলাঘাৱে দ্রৌপদী মৰয়।
হেন দেখি বৰ নাৰী টোনত চাহিলা।
নিৰিতিৰ বানগােট আজৰি আনিলা॥৪৮১
শূলপাত আসে যদি পায়া মহাজয়।
ভকৰ ভকৰ কৰি অগনি জ্বলয়॥
বিশ্বকর্ম্মে নিৰ্ম্মিয়াছে বচনে হৰৰ।
বজ্ৰলােহাৰ মুখ দেখি লাগে ডৰ॥ ৪৮২