পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
১৯
 

ন।  এই বিষয়ে দেখো আৰু কিছু অসন্তও বা অবিশ্বাস্থ্য নেদেখো, সংশয়ৰ কাৰণো কিছু নাই।

কা।  তেন্তে যি বিষয়ে তোমাৰ অমৰণ আত্মাৰ চিৰসুখ বা চিৰদুঃখ নিৰ্ভৰ কৰিছা, সেই বিষয়ে যেতিয়া তোমাৰ কোনো সংশয় নাই, তেন্তে অন্য বিষয়ৰ কাৰণে এনে বহু মুল্য ধন অৱহেলা কৰিবানে? তোমাক ময় মিনতি কৰিছোঁ, প্ৰেম কৰি কৈছো, এই বিষয়ে চিন্তা কৰা, অনেক পাঠ কৰিছা, এতিয়া ভাই, চিন্তা কৰা, ভাবা, আপোনাৰ পৰিত্ৰাণৰ বিষয়ে স্থিৰ কৰা। দেখা, তোমাক ময় মনে চিত্তে ভাল পাওঁ, সেই নিমিত্তে তোমাক এই প্ৰকাৰে কৈছো। মোৰ আগত অঙ্গীকাৰ কৰা যে, তুমি এই বিষয়ে চিন্তা কৰিবা, আকি আগত শনিবাৰে আহি যি স্থিৰ কৰিছা, তাক কবা। অঙ্গীকাৰ নকৰিলে তোমাক এৰি নিদিম।

 নৰেন্দ্ৰয় অঙ্গীকাৰ কৰিলে, কামিনীকান্তৰ চেষ্টা কিঞ্চিৎমান সাম্ফল হল। নৰেন্দ্ৰয় যি কাৰণে কামিনীকান্তৰ ওচৰলৈ আহিছিল তেওঁ তাক পাহৰিলে নে? নহয়, কিয় পাহৰিব?

ন।  দেখা, কামিনীকান্ত, তোমাৰ ওচৰলৈ ময় এটী বিশেষ প্ৰয়োজনে আহিছোঁ।

ক।  কি, কোৱা?

ন।  দেখা, হেমে তোমাৰ তিৰতাক ভনীৰ সদৃশ ভাল পাই, তুমি ঘৰ পৰিত্যাগ কৰি আহিবৰে পৰা, সিবিলাক দুয়ো অনেক সময় একে লগে থাকে। তোমাৰ তিৰতাক হেমে অনেক সান্তনা কৰে। দেখা, তুমি তেওঁলৈ পত্ৰ আদি লেখা নাই, তেওঁৰ কোনো বিচাৰে৷ লোৱা নাই, সেই নিমিত্তে তেওঁ অতি দুঃখিত। হেমে সৈতে তেওঁৰ এই বিষয়ে কথা হৈছিল, তেওঁ তোমাৰ ওচৰলৈ আহিব খোজে। সেই কাৰণে এই বিষয়ে তুমি কি বেচনা কৰা, তাকেই জানিবলৈ হেমে মোক তোমাৰ ওচৰলৈ পঠাইছে।

কা।  স্বৰূপতে ময় সৰলালৈ পত্ৰ আদি লিখা নাই, তাৰ এটী মাথোন