পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কামিনীকান্তৰ চৰিত্ৰ
 

বিচাৰকৰ্ত্তা। সেই তোমাৰ শ্ৰজন কৰ্ত্তাই কেইটামান আজ্ঞা দিছে। তুমি সেই সকলো 'আজ্ঞা পালন কৰা নাই, অৰ্থাৎ সেই ঈশ্বৰৰ বিপৰীতে তুমি পাপ কৰিছা। আৰু যেতিয়া তেওঁৰ আজ্ঞা উলংঘন কৰিছা, তেতিয়া পাপ কৰিছ; তাতে তেওঁৰ ক্ৰোধৰ পাত্ৰ হৈছা; আৰু দণ্ডৰ যোগ্য হৈছা। তেওঁৰ বিপৰীতে আচৰা হৈ অধৰ্ম্ম কৰ্ম্ম কৰিছা বুলিএই তেওঁ তোমাক অৱশ্যে শাস্তি দিব। তেওঁ ন্যায়ৱন্ত ঈশ্বৰ তেওঁৰ হাতৰ পৰা এৰাব নোৱাৰিবা; আৰু তেওঁ যে কেৱলে তোমাৰ ন্যায় বিচাৰ কৰোঁতা ঈশ্বৰ, তেনে নহয়; তেওঁ আকও তোমাৰ দয়ালু পিতৃও। তোমাৰ বিনাশ জানো তেওঁ কোনো সময়ত দেখিব পাৰে? তেওঁ কয়, “হে পাপী তুমি উলটা, কিয় তুমি মৰিবা। সেই দয়ালু পিতৃও তোমাৰ এই প্ৰকাৰ বিপদৰ অৱস্থা দেখি, যিহতে তুমি সেই অনন্ত বিনাশৰ পৰা উদ্ধাৰ পোৱা, এনে উপায় কৰি দিলে। আমাৰ সকলৰ কেৱল ইয়াকে মাথোন সোঁৱৰণ কৰা উচিত যে আমি পাপী, ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰ; ঈশ্বৰৰ পুত্ৰ হৈছিলোঁ, কিন্তু পাপ কৰি তেওঁৰ শত্ৰু হৈছোঁ; বিনাশৰ পথত শীঘ্ৰে যাওঁতা হৈছোঁ, ইয়াকে দেখি ঈশ্বৰে আমাৰ সকলৰ মুক্তিৰ পথ দেখুয়াই দিলে। তেওঁৰ অদ্বিতীয় পুত্ৰ যীশু খ্ৰীষ্টই আপোন প্ৰাণ আমাৰ সকলৰ পাপৰ নিমিত্তে বলি ৰূপে উচৰগ কৰিলে, তেওঁৰ বহুমূল্য তেজেৰে আমাৰ সকলৰ পাপ সমূহ ধুই, আমাক সকলোকে কিনিলে। এতিয়া যদি আমি কেৱল সেই যীশু খ্ৰীষ্টত বিশ্বাস কৰোঁ, আৰু তেওঁকে আমাৰ বিলাকৰ এক মাথোন পৰিত্ৰাণ কৰ্ত্ত। বুলি ধৰো, তেনে হলে আমি পুনৰায় ঈশ্বৰৰ পুত্ৰ বুলি গণ্য হম, আৰু পাপৰ খেমা পোৱা হৈ তেওঁৰ মনোনীত দাস হম। পৃথিবীত যি কেইদিন জীম, তেওঁৰ অভিপ্ৰায়ৰ মতে কাম কৰিলে মৰণৰ পাছে তেওঁৰে সৈতে অনন্তকাল চিৰসুখে স্বৰ্গধামত বাস কৰিবলৈ পাম। কেনে নৰেন্দ্ৰ, এই সকলো দেখো সহজে বুঝিব পাৰা, এই বিষয়ে দেখো আৰু কিছু সংশয় নাই।