সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
বিৰহিণী বিলাপ কাব্য।

তােমাৰে মায়াত দৃৰে
 সংসাৰ ক্ষেত্ৰত,
কাল পূৰ্ণ হলে—যায়
 তােমাৰে কাষত॥
মােৰৰ ভাই, ভী, নাথ!
এই সংসাৰ হাত
মৰ্ত্ত্যৰ লীলাৰ ছঁষা
 থই মৰতত ,
লভিলে অনন্ত শান্তি
 তোমাৰ পাৱত॥
জন্মদাত্ৰী—মাতৃ,—সােণ!
লাহৰী জিতেন মোৰ
(আদৰৰ বস্তু তযু)
 নিলা তুমিয়েই,
মায়ামুগ্ধ নৰ আমি
 কান্দিছোঁ এনেই॥
পৰাণৰ অৰ্ধাঙ্গিনী
সুখে দুখে সমভাগী,
হিয়া শূন্য কৰি মােৰ,—
 নিলা কিবা ভাবি
অকল সৰিয়া কৰি
 জীৱনৰ বাকি।
তোমাৰে সম্পত্তি, প্ৰভু!
তুমিয়েই নিলা পুনু