সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা আৰু চন কবিতা হৃদয়ৰ অন্তস্থলীৰ পৰা আহে আৰু হৃদয় গৰ্ভত প্ৰবেশ কৰি কল্পনাৰ উদ্ভৰ কৰে। আত্মাই কৰি লগত একেলগে ভাবে, অনুভব কৰে, আৰু উপভোগ কৰে। পুৰণি কালত ধৰ্ম্মসম্বন্ধীয় সাহিত্য কবিতা থাক সঙ্গীতত প্ৰকাশ পাইছিল। মহাভাৰত আৰু ৰামায়ণৰ নিচিনা কাব্যৰ দ্বাৰা ভাৰত বৰ্ষত যোগী-মুনি, ৰজা-প্ৰজা, ধনী-দৰিদ্ৰ সকলোকে হিন্দু দৰ্শন আৰু হিন্দু ধৰ্ম্মৰ বিষয়ে শিক্ষা দিয়া হৈছিল। ধৰ্ম্ম কবিতাত প্ৰকাশ পালে হৃদয়ত প্ৰেৰণা জাগি উঠে। সত্যক সৌন্দৰ্য্যত প্ৰতিস্থাপিত কৰি কবিয়ে তেওঁৰ ভাৰাজি মানব জীৱনত সঞ্চাৰিত কৰে। উঃ গৰ দুৱাৰেদি সত্যই মানব স্বভাব প্ৰবেশ কৰে। কবীজ ৰবীন্দ্ৰনাথে আজি জগত ও শীৰ্ষস্থান অধিকাৰ কৰাৰ প্ৰধান কাৰণ হৈছে যে তেওঁ ৰচনা কৰা প্ৰতি কবিতাৰ স্তৰে ধৰে দশন সম্বন্ধীয় আৰু আধ্যাত্মিক ভাব নিহিত আছে। ৰবীন্দ্ৰনাথে প্ৰতি কবিতাতে “মানব-ধৰ্ম্মৰ” ১ প্ৰাবল্যতা আৰু প্ৰাধান্ধতা জগতক বিশ্লেষণ কৰি দেখুৱাবলৈ চেষ্টা কৰি আহিছে। তেওঁৰ মতে মানব পূজাই জগতত সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম্ম। তেওঁ আমাৰ ব্যক্তিগত আত্মাক সম্বোধি কৈছে : “হে মন্ত্ৰ মানুহ, তুমি মনৰ মাজত অন্বেষণ কৰা; এবাৰ দিব্য চকু যোগ খালে সকলো দেখিবলৈ পাৰাত আৰু তেওঁ কৈছে যে আমাৰ উপনিষদত “সোহহম” বুলি যি তত্ত্বক স্বীকাৰ কৰা হৈছে তাত অহঙ্কাৰৰ চিন্ লেশ, মাত্ৰ জড়িত নাই,—ইয়াত কেৱল সত্যক ব্যাপক কৰা হৈছে। আমাৰ ব্যক্তিগত 'আমি' ব্যাপ্ত হৈ বিশ্বজগত “আমি' বিৰাজ কৰিছে। মূৰত -- > The Religion of Man.