এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
পৰিশিষ্ট
|
প্ৰজা তুষ্ট হব। দুৰ্নীতিপৰায়ণসকলক প্ৰমোচন দিয়া আৰু ন্যায়পৰায়ণসকলক পদচ্যুত কৰা—প্ৰজা ৰুষ্ট হব। |
| ১০৪। | প্ৰচুৰ পৰিমাণৰ অন্নৰ সংস্থান, ৰাজ্যৰ নিৰাপত্তাৰ বাবে যথেষ্ট সৈন্য সংৰক্ষণ আৰু জনসাধাৰণৰ বিশ্বাসভাজন— এয়ে সুশাসনৰ লক্ষণ। |
| ১০৫। | শাসন কৌশল জানিবলৈ হলে চাব লাগিব যাতে সম্ৰাটে সম্ৰাটৰ কৰ্ত্তব্য, প্ৰজাই প্ৰজাৰ কৰ্ত্তব্য, বাপেকে বাপেকৰ কৰ্ত্তব্য, আৰু পুতেকে পুতেকৰ কৰ্ত্তব্য যথাৰীতি পালন কৰে। |
| ১০৬। | নিজৰ অতিলোভ সম্বৰণ কৰা— চুৰি কৰিবলৈ বঁটা ঘোষণা কৰিলেও চুৰি কৰোতা লোক নোলাব। |
| ১০৭। | যাৰ নিজৰ অন্তৰ সংস্কৃত নহয় সি আনৰ সংস্কাৰৰ দায়িত্ব কেনেকৈ লব? |
| ১০৮। | কোনো কাম লৰালৰিকৈ নকৰিবা আৰু সৰুসুৰা লাভত মন নিদিবা। |
| ১০৯। | প্ৰবঞ্চনা নকৰিবা। যদি বিৰোধ কৰা, খোলাখুলিকৈ কৰিবা। |
| ১১০। | দেশসেৱাত প্ৰকৃত সেৱাক প্ৰথম স্থান দিবা। পাৰিতোষিকৰ কথা পিচতহে ভাবিবা। |
| ১১১। | যোগ্যতা থকালৈকেহে কামত থাকিবা, যোগ্যতা নোহাৱা হলে কামৰ পৰা অবসৰ লবা। মিছাই আনৰ প্ৰতিবন্ধক নহবা। |