পৃষ্ঠা:কনফুচিয়াছ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
পৰিশিষ্ট

প্ৰজা তুষ্ট হব। দুৰ্নীতিপৰায়ণসকলক প্ৰমোচন দিয়া আৰু ন্যায়পৰায়ণসকলক পদচ্যুত কৰা—প্ৰজা ৰুষ্ট হব।

১০৪। প্ৰচুৰ পৰিমাণৰ অন্নৰ সংস্থান, ৰাজ্যৰ নিৰাপত্তাৰ বাবে যথেষ্ট সৈন্য সংৰক্ষণ আৰু জনসাধাৰণৰ বিশ্বাসভাজন— এয়ে সুশাসনৰ লক্ষণ।
১০৫। শাসন কৌশল জানিবলৈ হলে চাব লাগিব যাতে সম্ৰাটে সম্ৰাটৰ কৰ্ত্তব্য, প্ৰজাই প্ৰজাৰ কৰ্ত্তব্য, বাপেকে বাপেকৰ কৰ্ত্তব্য, আৰু পুতেকে পুতেকৰ কৰ্ত্তব্য যথাৰীতি পালন কৰে।
১০৬। নিজৰ অতিলোভ সম্বৰণ কৰা— চুৰি কৰিবলৈ বঁটা ঘোষণা কৰিলেও চুৰি কৰোতা লোক নোলাব।
১০৭। যাৰ নিজৰ অন্তৰ সংস্কৃত নহয় সি আনৰ সংস্কাৰৰ দায়িত্ব কেনেকৈ লব?
১০৮। কোনো কাম লৰালৰিকৈ নকৰিবা আৰু সৰুসুৰা লাভত মন নিদিবা।
১০৯। প্ৰবঞ্চনা নকৰিবা। যদি বিৰোধ কৰা, খোলাখুলিকৈ কৰিবা।
১১০। দেশসেৱাত প্ৰকৃত সেৱাক প্ৰথম স্থান দিবা। পাৰিতোষিকৰ কথা পিচতহে ভাবিবা।
১১১। যোগ্যতা থকালৈকেহে কামত থাকিবা, যোগ্যতা নোহাৱা হলে কামৰ পৰা অবসৰ লবা। মিছাই আনৰ প্ৰতিবন্ধক নহবা।