পৃষ্ঠা:কনফুচিয়াছ.djvu/১৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
পৰিশিষ্ট

শাসক কোনো আদেশৰেই মূল্য নাথাকে আৰু কোনো আদেশ কাৰ্য্যকৰী নহয়।

৯১। শাসকে নিজৰ চৰিত্ৰ সংশোধন কৰি ললে শাসনকাৰ্য্য সহজ হৈ পৰে। যদি নিজৰেই চৰিত্ৰ সংশোধন নকৰে তেন্তে শাসকে আনৰ চৰিত্ৰ কেনেকৈ সংশোধন কৰিব?
৯২। অন্তৰ শুদ্ধ আৰু পবিত্ৰ ৰাখিবা— এয়ে সকলো শাস্ত্ৰৰ শিক্ষা।
৯৩। কবিতা অধ্যয়ন নকৰিলে ভাষা মাৰ্জ্জিত নহয়।
৯৪। চিন্তা নকৰাকৈ পঢ়িলে মন অসংযত হয়, নপঢ়াকৈ চিন্তা কৰিলে মন চঞ্চল হয় আৰু মনৰ সমতা হেৰায়।
৯৫। যিলোকে পঢ়াকে পঢ়ি নতুন নতুন জ্ঞান আহৰণ কৰিব পাৰে তেওঁহে শিক্ষক হবৰ যোগ্য।
৯৬। প্ৰশ্নৰ উত্তৰ দিবলৈ যি শিক্ষিত লোকে আনৰ কথাবোৰ মুখস্থ কৰি থয় তেনে লোকৰ শিক্ষকতাৰ যোগ্য নাই।
৯৭। পুৰণি কালত বিদ্যানুৰাগী সকলে নিজৰ জ্ঞানৰ বাবে অধ্যয়ন কৰিছিল। আজিৰ বিদ্যাৰ্থী অধ্যয়ন কৰে আনৰ বাবেহে (শিক্ষকৰ বা মাক-বাপেকৰ দাইত)।
৯৮। যি মানুহে দয়া দাক্ষিণ্য ভাল পাই পঢ়িব ভাল নোপোৱা হয় সেই মানুহ অজ্ঞ হয়; জ্ঞান ভাল পাই পঢ়িব ভাল নোপোৱা মানুহৰ চিন্তাধাৰা কাল্পনিক বা অবাস্তব হয়, সাধুতা ভাল পাই পঢ়িব ভাল নোপোৱা হলে সকলোতে বিপৰ্য্যয় ঘটায়, সৰলতাল ভাল পাই পঢ়িব