পৃষ্ঠা:কনফুচিয়াছ.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
কনফুচিয়াছ

হয় বুলি সদায় উদ্বিগ্ন হৈ থাকে আৰু যদি পদটো হেৰুৱাবৰ উপক্ৰম হয় তেতিয়া পদ ৰক্ষাৰ বাবে এনে মানুহে কৰিব নোৱাৰা একো কামেই নাই।

৪১। মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা। এনে ভাবে কাম যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা।
৪২। আইন শৃঙ্খলা নোহোৱা ৰাজ্যই বা ব্যক্তি কামত সাহস দেখুৱা বেয়া নহয় কিন্তু কথা কওতে সাবধান হব লাগে।
৪৩। নিজৰ প্ৰতি কঠোৰ আৰু আনৰ এৰি উদাৰ হোৱা মানুহক আনে খং কৰিবৰ সুচল নাপায়।
৪৪। সময় থাকোতে চিন্তা আৰু পৰিকল্পনা নকৰা লোকে বিপদ দুৱাৰদলিতে পায়।
৪৫। মাৰ্জ্জিত ভাষাই কোনজন মানুহ ভাল কোনজন মানুহ বেয়া তাৰ ধাৰণা সম্পৰ্কে আমাৰ মনত আউল লগায়। সামান্য ক্ষতি আৰু সৰু-সুৰা অসুবিধা সহ্য কৰিব নোৱাৰা লোকে ডাঙৰ পৰিকল্পনা নষ্ট কৰে।
৪৬। অভিজাত বা কুলীন লোক সম্বন্ধে আলোচনা কৰোতে তেনেমানুহৰ শক্তিৰ প্ৰশংসা কৰাতকৈ মনোবৃত্তিৰহে প্ৰশংসা কৰিবা।
৪৭। দয়াৰ প্ৰতিদান দয়া, বেয়াকামৰ প্ৰতিদান ন্যায়বিধান।
৪৮। দয়াৰ বিনিময়ে দয়া পালে মানুহ ভাল কাম কৰিবলৈ উৎসাহিত হয়। বেয়াকামৰ বাবে শান্তি পালে মানুহে বেয়াকাম নকৰিবলৈ সাবধান হয়।