পৃষ্ঠা:কনফুচিয়াছ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৫
পৰিশিষ্ট
 কথাই মানুহক সহজে বিপদত পেলায়। কথা-বতৰা হওঁতে মানুহে বহুত শব্দ ব্যৱহাৰ কৰে। এই শব্দবোৰ মুখৰ পৰা উলিয়াই দিয়া সহজ কিন্তু এবাৰ মুখৰ পৰা ওলালে তাক দুনাই ওভতাই নিব নোৱাৰি।

 সাধাৰণ মানুহৰ কাৰণেও মহৎলোক বিপদত পৰে। এই মানুহবোৰ নীচমনা আৰু কপটীয়া। এই মানুহবোৰক সম্মান কৰিব পাৰা কিন্তু অপমান বা বিতুষ্ট নকৰিবা। গতিকে ভদ্ৰলোকে সাবধানে চলা উচিত। কথা মানুহৰ প্ৰিয়, মানুহো মানুহৰ প্ৰিয়, কিন্তু অসাবধান হলে প্ৰিয়বস্তুই বিপদ চপাই আনে।

৩৭। ধোৱাখুলীয়াকৈ খৰচ কৰা লোক সাধাৰণতে গৰ্ব্বিত হয়। কটকিনাকৈ চলা লোক অশিষ্ট হয়। গৰ্ব্বিত হোৱাতকৈ লাগে অশিষ্ট হোৱাই ভাল।
৩৮। ধনী হৈ নিৰহঙ্কাৰী হোৱা সহজ কিন্তু দুখীয়া হৈ অসন্তোষ নকৰাকৈ বা খেদ নকৰাকৈ থকা টান।
৩৯। সুশাসিত দেশত নিঃকিন হোৱা লাজৰ কথা। দেশৰ অস্থিৰ অৱস্থাত পদবী গ্ৰহণ কৰা আৰু ধনী হোৱাও লাজৰ কথা।
৪০। ক্ষুদ্ৰমনৰ মানুহে ৰাজ্যৰ মন্ত্ৰীত্বপদ লৈ কাম কৰিব পাৰে বুলি কেতিয়াবা ভাবিব পাৰানে? পদ পোৱাৰ আগতে তেনে মানুহে পদটো পাবৰ কাৰণে উদ্বিগ্ন হয়। পদটো পোৱাৰ পিচত কেনেবাকৈ তাক হেৰুৱাব লগা