অভিপ্ৰায়ে গোটেই সাম্ৰাজ্যতে শিক্ষা বিস্তাৰ কৰি ভ্ৰমণ কৰিবলৈ প্ৰয়াস কৰিলে। এই ভ্ৰমণৰ আন এটা উদ্দেশ্য আছিল তেওঁৰ পৰামৰ্শ মতে শাসন কৰিবলৈ সম্মত হোৱা কোনো এখন ৰাজ্যৰ ৰজা বা শাসক বিচাৰি পোৱা। সভ্যতা সংস্কৃতি ৰক্ষাৰ দায়িত্ব আগেয়ে ন্যস্ত আছিল সম্ৰাটৰ ওপৰত, কিন্তু কনফুচিয়াছে এই দায়িত্ব সম্ৰাটৰ হাতৰ পৰা আনি তেওঁ গঢ়িলোৱা শিক্ষিত শ্ৰেণীৰ হাতত অৰ্পণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ আশা আছিল এই শিক্ষিত শ্ৰেণীৰ লোকসকলেই সময়ত মন্ত্ৰী, উপদেষ্টা, শাসক আদি হৈ চীন সভ্যতা ৰক্ষা কৰিব আৰু বিভিন্ন ৰাজ্যত তেওঁৰ প্ৰভাৱ বিস্তাৰ কৰিব। কনফুচিয়াছে তেওঁৰ মনৰ জোখাৰে শাসক বিচাৰি নাপালে যদিও তেওঁৰ শিক্ষাই গঢ়দিয়া লোকশ্ৰেণীয়ে তেওঁৰ ইচ্ছা সফল কৰি তুলিছিল আৰু চীন সাম্ৰাজ্যৰ চুকে-কোণে কনফুচিয়াছৰ আদৰ্শ আৰু প্ৰভাব বিয়পি পৰিছিল।
জগতৰ উত্তৰোত্তৰ উন্নতিৰ প্ৰকৃত পথ অন্বেষণৰ চিন্তা কৰি মহামতি কনফুচিয়াছে ইয়াকে সাব্যস্ত কৰিছিল যে চিন্তাজগতৰ অৰাজকতাই সমাজ আৰু দেশৰ বিশৃংখলাৰ বাবে দায়ী। চিন্তাধাৰাৰ খেলিমেলিৰ কাৰণেই দেশৰ শিক্ষাপদ্ধতি বিকৃত হয়, বিকৃত শিক্ষাৰ কাৰণেই আদৰ্শ বিভ্ৰাট হয় আৰু আদৰ্শ বিভ্ৰাটৰ কাৰণেই সামাজিক অস্থিৰতা, ৰাজনৈতিক অশান্তি আৰু নৈতিক অবনতি ঘটে। তেতিয়া দেশত দুৰ্নীতিয়ে পোহাৰ মেলে আৰু ঐতিহ্য, সংস্কাৰ, সকলো পাহৰি মানুহে