পৃষ্ঠা:কনফুচিয়াছ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
কনফুচিয়াছ

অস্থিৰতাই দেখা দিছিল আৰু ক্ষমতাপন্ন তলতীয়া কৰ্ম্মচাৰী সময়ত ৰাজদণ্ড হাতত লৈছিল। কেন্দ্ৰীয় শাসন আৰু ক্ষমতাৰ শোচনীয় শিথিলতাত ৰাজনৈতিক অস্থিৰতা, সামাজিক বিশৃঙ্খলতা, নৈতিক মান অবনতিত গোটেই দেশ প্লাবিত হৈ পৰিছিল। সেই সময়ৰ বৰ্ণনা দি মেনচিয়াছ নামে কনফুচিয়াছৰ শিষ্য এজনে লিখিছিল “জগত ধ্বংসমুখী হৈ জড়াগ্ৰস্ত হৈছিল, সত্য বিতাৰিত হৈছিল, বিকৃত ৰীতি-নীতি আৰু হিংসাত্মক কাৰ্য্যত দেশ প্লাবিত হৈছিল। মন্ত্ৰীয়ে ৰজাক হত্যা কৰা, পুতেকে বাপেকক হত্যা কৰাৰ দৃষ্টান্ত বিৰল নাছিল৷ এইবোৰ দেখিশুনি কনফুচিয়াছ আতঙ্কিত হৈ পৰিছিল।”

 চীনা সংস্কৃতি আৰু সভ্যতাৰ সমগ্ৰ সৌধতেই ফাট মেলিছিল। কনফুচিয়াছে সমাজ ব্যৱস্থা আৰু দেশৰ সংহতি ৰক্ষা কৰিবলৈ চেষ্টা কৰি প্ৰথমে বিভিন্ন ৰাজ্যবোৰৰ ৰাজসভাবিলাক সংস্কাৰ কৰিবলৈ যত্নপৰ হৈছিল। কিন্তু তেওঁ সোনকালেই উপলব্ধি কৰিলে যে দুৰ্নীতিৰ বীজ বহু তললৈ শিপাইছে আৰু সমাজ আৰু শাসন সংস্কাৰ কাৰ্য্যত তেওঁৰ চেষ্টা ফলবতী হব নোৱাৰে। সেইকাৰণে তেওঁ সভ্যতাৰ বুনিয়াদ বা ভেটিটোক থিক কৰি লবলৈ মন মেলিলে। সেই উদ্দেশ্যে তেওঁ দেশৰ ডেকা সকলক আৰু সতি-সন্ততিক সৎশিক্ষা দি দেশ খন দুৰ্নীতিৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ জীৱনৰে উচৰ্গা কৰিবলৈ মনস্থ কৰিলে। দেশৰ ভবিষ্যৎ ধৰণী ডেকা শক্তিক আত্মসচেতন কৰি যাতে সৎপথলৈ ঘূৰাই আনিব পাৰে সেই