পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
কদম-কলি

 প্ৰশংসাক কৰি, কৰে যি জীবিকা নিৰ্ব্বাহ,
 তাৰ কন্যা তুমি। সকলোৱে আৰাধনা
 কৰি দিন ৰাতি, সেবি থাকে যাক, তাৰ
 কন্যা মই। দানি, প্ৰাৰ্থনাৰ অধিক
 অৰ্থক, প্ৰাৰ্থকৰ পূৰে মনকাম
 সততে যিজনে, তাৰ কন্যা শৰ্ম্মিষ্ঠা
 নিশ্চয়! টোকোনা বিপ্ৰৰ পুত্ৰী হেৰা
 দেৱযানী, যিমানতে দ্বেষ কৰা মোক,
 ক্ষোভ কৰি দিয়া অভিশাপ, নিশ্চয়
 জানিবা তুমি, দেৱযানী শৰ্ম্মিষ্ঠাৰ
 নহয় সমান। ৰাজকন্যা মই।⸺

দেৱযানী—কি কলি দানবী? কি কলি অসুৰ কন্যা
 তই? সৰু মুখত দেখোঁ বৰ কথা? বুলিছ নে
 সঁচাই দানবী, দেৱযানী নহয় সমান
 তোৰ? ইমান পালিহি দেখোঁ বাঢ়ি
 লাহে লাহে? দেৱযানী স্তাৱক-দুহিতা?
 যাৰ পদ-ধুলি লৈ পৱিত্ৰ বাপেৰ,
 তোৰ সপ্তম পুৰুষ, এনে শুক্ৰচাৰ্য্য
 পিতা যাচক প্ৰাৰ্থক? পৰ-অন্ন-ভোজী?
 অসুৰ কুশৰ গুৰু ভাৰ্গৱ মহান্
 পৰ অনুগ্ৰহ কৰে জীৱন ধাৰণ?
 পৰ পদ সেবি কৰে অন্নৰ সংস্থান?
 ভিক্ষাবৃত্তি আচৰণ কৰি, পিন্ধে কটিত