পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
কদম-কলি

 বসন?⸺
 অপবিত্ৰ অসুৰৰ তেজ, নীচ মন
 নীচৰ স্বভাৱে গঁথা আছে অস্থি মজ্জা
 তোৰ; উচ্চ সঙ্গ উচ্চ সংঘৰ্ষণে নগল
 কদাপি। ঘৃণনীয় দানবী পাপিনী!
 কিবা লাভ সম্ভাষণি তোক?—
 নাচাবি পোন্দাই চকু মোক, অসুৰৰ
 জীয়ৰী! ঘুকি দিম চকু তোৰ নিশ্চয়
 জানিবি! দে মোৰ কাপোৰ দুষ্টা
 হতচিৰীহঁতী!

[ দেৱযানীয়ে শৰ্ম্মিষ্ঠাৰ কাপোেৰ ধৰি টানে ]



শৰ্মিষ্ঠা—কিয় টান বস্তু মোৰ হঁয়? এৰি দে
 এতিয়াই কাপোৰ! বলেৰে পাৰিবি
 বুলি ভাবিছ হল? আৰৈ চাউল
 চোবোৱাৰ জীয়ৰী? বুজ নাই পোৱা তই,
 শৰ্ম্মিষ্ঠাৰ খঙৰ প্ৰতাপ? এঠেলাতে
 পেলাম নাদত তোক, জানিছ নে তই?
[ শৰ্ম্মিষ্ঠাই ঠেলা মাৰি দেৱযানীক পাট নাম
এটাত পেলাই দি, সখীয়েকহঁতেৰে সৈতে গুচি যায়]

⸺⸺