পৃষ্ঠা:কথা-গীতা.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
কথা-গীতা।
 
প্ৰথম অধ্যায়
 

 ধৃতৰাষ্ট্ৰে সঞ্চয়ত প্ৰশ্ন কৰন্ত। হে সঞ্জয়, মোৰ পুত্ৰসব পাণ্ডুপুত্ৰসবো ধৰ্ম্মভূমি কুৰুক্ষেত্ৰত যুদ্ধক ইছাই মিলিত হুয়া কি কৰ্ম্ম কৰিলা তাক মোত কহা। সঞ্জয়ে কহন্ত জানা ৰাজা, পাণ্ডৱৰ সেনাসব ব্যূহৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুয্যোধনে দ্ৰোণ আচাৰ্য্যৰ সমীপক গৈয়া বুলিবে লাগিলা, হে আচায্য পাণ্ডৱসবৰ বিস্তৰ সেনাসব দেখা; দ্ৰুপদৰ পুত্ৰ তযু শিষ্য ধৃষ্টদ্যুম্নে ব্যুহ ৰচি আছে, যাত ভীমাৰ্জ্জুন সম মহাধনুদ্ধৰ বাৰসব আছে, তাৰ নাম শুনা; সাত্যকা বিৰাট চেকিতান কাশিৰাজ পুৰুজিত কুন্তি- ভোজ শৈব্য যুধামন্যু উত্তমৌজা সুভদ্ৰাৰ পুত্ৰ অভিমন্যু দ্ৰোপদীৰ পাঞ্চ পুত্ৰ প্ৰতিবিন্ধ্যাদি; তাৰা সবে মহাৰথী। তাৰ লক্ষণ কহন্ত; যি একে দশসহস্ৰ ৰথীক যুঝই তাক মহাৰথী বুলি; যি অপৰিমিত ৰথীক যুঝই তাকে অতিৰখী বুলি; একে একে যুঝিলে ৰধী বুলি; দুই ৰথে একক যুঝিলে অৰ্দ্ধৰথী বুলি। আমাৰ সৈন্যৰো যি যি বিশিষ্ট সেনাপতিসব তাক কহো সাবধানে শুনা; তুমি গুৰুদ্ৰোণ ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণি অশ্বত্থামা বিকৰ্ণ