সম হয়, সবাকে সহয়, সততে সন্তুষ্ট থাকয়, অপ্ৰমত্ত সংযত স্বভাৱ হয়, মোত দৃঢ় নিশ্চয় কৰয়, মোত মন বুদ্ধি অৰ্পয়, এমন যি ভক্ত হয়, সি মোৰ প্ৰিয়, যাত হন্তে লোক ভয় নপাৱে, লোকত হন্তেও যি ভয় নকৰে, হৰ্ষ অমৰ্ষ ভয় ক্ষোভে যি মুক্ত হৈল, সেই মোৰ প্ৰিয়। যি কাতো অপেক্ষা নকৰে, বাহ্য অভ্যন্তৰ শৌচ যুক্ত হয়, আলস্য নকৰে, কাৰো পক্ষ নহে, মনোদুষ্খ নকৰে, ভোগক লাগি উদ্যম নকৰে, প্ৰিয়ক পাই হৰ্ষ নকৰে, অপ্ৰিয়কো দ্বেষ নকৰে, ইষ্ট নাশতো শোক নকৰে, অপ্ৰাপ্তকো নবাঞ্ছে, পাপপুণ্য দুয়কো নাচৰে, শত্ৰু মিত্ৰতো একে ভাবে প্ৰৱৰ্ত্তে, মান অপমানতো হৰ্ষ বিষাদ নকৰে, শীত উষ্ণ সুখ দুষ্খতো সম হয়, কুন ঠাইতে আসক্তি নকৰে, স্তুতি নিন্দাতো তুল্য হয়, বৃথা বাক্য নোবোলে, যথালাভে তুষ্ট হয়, নিয়ত নিবাস নকৰে, নিৰন্তৰে মোত স্থিৰচিত্তে ৰহে, এমন ভক্তিমন্ত মোৰ মহাপ্ৰিয়।
উক্ত অৰ্থক উপসংহৰি কহন্ত। এই মোক্ষ সাধন ধৰ্ম্মসবক যি শ্ৰদ্ধায়ে মোৰ অধীন হুয়া অনুষ্ঠান কৰে, সি ভক্তসব মোৰ অত্যন্ত প্ৰিয়। ব্ৰহ্ম উপাখা পন্থ মহাদুষ্খ বহু বিঘ্ন। এতেকে যি বুধ হয়, ভক্তিমন্তৰ পন্থ পৰম সুখকৰ কৃষ্ণপাদপদ্মক ভজোক।
ইতি শ্ৰীভগৱদ্গীতাকথায়াং দ্বাদশোহধ্যায়ঃ ॥ ১২ ॥
হে সাধুসব দেখ ভগৱন্তৰ ভক্তিৰ মহিমা, যাক পৰম শ্ৰদ্ধায়ে আশ্ৰয় মাত্ৰতে হৰিৰ প্ৰিয় হয়। হৰিৰ প্ৰিয় হৈলে আৰু কিছো কৃত্য নথাকে। এতেকে ভক্তিক আশ্ৰয় কৰি ডাকি হৰি বোল হৰি।