পৃষ্ঠা:কথা-গীতা.djvu/১৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮৪ কথা-গীতা আবেশিত চিত্তসবক মঞি অল্পকালতে মৃত্যুযুক্ত সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰোঁ। এতেকে তুমি মোতে মন স্থিৰ কৰা, বুদ্ধিকে। মোতে প্ৰবেশ কৰা। এমন কৰিতে মোৰ প্ৰসাদে লব্ধজ্ঞান হুয়া দেহৰ অন্তত মোৰ স্বৰূপ পাইবা। অত কিছে সংশয় নকৰিবা। যদি মোত সদাই মন স্থিৰ কৰিবে নপাৰা, তেবে বিক্ষিপ্ত চিত্তক পুনু আকৰ্ষি মোৰ স্মৰণ লক্ষণ অভ্যাস কৰি মোক পাইবে যত্ন কৰা। যদি অভ্যাসতে সমৰ্থ নহ', তবে মোৰ প্ৰীতিৰ সাধন কৰ্ম্মসব একাদশী উপবাস ব্ৰত পূজা পৰিচৰ্য্যা নাম কীৰ্ত্তন আদি পৰিনিষ্ঠ হঞা। এমনে মোৰ অৰ্থে কৰ্ম্ম কৰিলে অনায়াসে মোক্ষ পাইবা। অত্যন্ত ভগবদ্ধৰ্ম্মনিষ্ঠাত অশক্তক প্ৰতি পক্ষান্তৰে কহন্ত। যদি এমনে মোৰ ভক্তি কৰিবে সমৰ্থ নহঞা, তেবে মোত এক শৰণ লৱা, সকল ধৰ্ম্মৰ ফল নিয়তচিত্ত হুয়া মোত সমৰ্পণ কৰ। আৰ এমন অৰ্থ, মঞি ঈশ্বৰৰ আজ্ঞায় যথাশক্তি কৰ্ম্ম কৰিম, ফল পুনু ঈশ্বৰৰ অধীন, এমনে মোত ভাব অৰ্পি ফলত আসক্তি এড়ি, প্ৰৱৰ্তমান হৈলে মোৰ প্ৰসাদে কৃতাৰ্থ হৈব। এই ফলত্যাগক স্তুতি কৰম্ভ। জ্ঞানহীন অভ্যাসত কৰি ভক্তি সহিত উপদেশপূৰ্বক জ্ঞান শ্ৰেষ্ঠ; তাতো কৰি ধ্যান, ধ্যানতো কৰি কৰ্ম্মফলত্যাগ উত্তম। ত্যাগত মোৰ প্ৰসাদে শীঘ্ৰে সংসাৰ শাস্তি হয়। এমন ভক্তৰ শীঘ্ৰে পৰমেশ্বৰৰ প্ৰসাদ হেতু ধৰ্ম্মসব কহন্ত। সৰ্ব প্ৰাণীৰ মধ্যত উত্তমত দ্বেষ নয়, সমত মিত্ৰভাবে প্ৰৱৰ্ত্তয়, হীন দয়া কয়, অহঙ্কাৰ মমকাৰ নাচৰয়, সুখ দুখত